এইবাৰ ৰেচন সামগ্ৰীৰ লগতে একোখনকৈ উন্নত মানৰ মোনা ৰেচন কাৰ্ড হিতাধিকাৰী সকলক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷
আমাৰ যিমানবোৰ সুলভ মূল্যৰ দোকানত যি সকলে ৰেচন সামগ্ৰী গ্ৰহণ কৰে, তেওঁলোকক আমি বিনামূলীয়াকৈ একোখন মোনা প্ৰদান কৰিছোঁ ।
গতিকে আমাৰ অসমত থকা প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত ৫৮ লাখ “অন্ন সুৰক্ষা আঁচনি” আৰু “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনি”ৰ কাৰ্ড থকা হিতাধিকাৰীক একোখনকৈ উন্নত মানৰ মোনা প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
গতিকে এই মোনাখনৰ বাবে কোনো মূল্য দিয়াৰ প্ৰয়োজন নাই। সকলোৱে যাতে চলিত মাহৰ ১২ তাৰিখৰ পৰা ২০ তাৰিখৰ ভিতৰত প্ৰতিজন কাৰ্ড থকা হিতাধিকাৰীয়ে ৰেচন সামগ্ৰীৰ লগতে এই মোনাখন সংগ্ৰহ কৰে, তাৰ প্ৰতি তেওঁলোকক মোৰ বিনম্ৰ আহ্বান জনাইছোঁ।