আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন দিল্লীস্থিত অসম ভৱনৰ পৰা ‘জল জীৱন মিছন’ ৰ এক পৰ্যালোচনা বৈঠক সম্বোধন কৰে ৷

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন দিল্লীস্থিত অসম ভৱনৰ পৰা ‘জল জীৱন মিছন’ ৰ এক পৰ্যালোচনা বৈঠক সম্বোধন কৰে ৷ ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত মোৰ সৈতে জিলা উপায়ুক্ত সকল আৰু বিভাগীয় অভিযন্তা সকলৰ লগতে সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ৷

জল জীৱন মিছনে গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ টেপ সংযোগ প্ৰদান কৰি আহিছে ৷ বিগত নৱেম্বৰ মাহকে প্ৰমুখ্য কৰি বৰ্তমানলৈকে প্ৰদান কৰা সৰ্বমুঠ টেপ সংযোগৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰোঁ ৷ লগতে, আগন্তুক দিনৰ পৰিকল্পনা আৰু অগ্ৰগতি সন্দৰ্ভতো আলোকপাত কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া দিহা-পৰামৰ্শ আগবঢ়াই আমাক উপকৃত কৰে ৷ তেখেতৰ সহায়-সহযোগিতাৰ বাবে আমি বিভাগৰ তৰফৰ পৰা তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

#JJM is changing lives in Assam

Hon’ble Chief Minister Dr. Himanta Biswa Sarma Dangoria addressed a review meeting of the Jal Jeevan Mission through Video Conference from Assam Bhawan in New Delhi. DCs, engineers & other officials attended the meeting. His valuable advice will greatly help the Dept.